Join Our WhatsApp & Download Our App

সু-খবৰ ! গুৱাহাটীৰ মেধাৱী ছাত্ৰৰ দেহত নাই কোৰোনা ভাইৰাছ...


নিউ গুৱাহাটীৰ মেধাৱী ছাত্ৰৰ দেহত নাই কোৰোনা ভাইৰাচৰ উপস্থিতি। বৃহস্পতিবাৰে পৰীক্ষাৰ অন্তত এই কথা নিশ্চিত কৰিলে জিএমচি কৰ্তৃপক্ষই। প্ৰাথমিক পৰীক্ষাৰ অন্তত তেওঁৰ তেজ অথবা আন প্ৰয়োজনীয় নমুনা সংগ্ৰহ কৰি কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ বিষয়ে পৰীক্ষা কৰি তেওঁক ঘৰলৈ আহিবলৈ দিয়ে। অৱশ্যে যুৱকজনৰ পৰা সংগ্ৰহ কৰা নমুনা লাহুৱালৰ পৰীক্ষা কেন্দ্ৰলৈ পঠিয়াইছে চিকিৎসকে।

উল্লেখ্য যে, আহমেদাবাদৰ আইআইএমত অধ্যয়নৰত মেধাৱী ছাত্ৰগৰাকী ৩দিন পূৰ্বে গুৱাহাটীৰ ঘৰলৈ আহিছিল। বিমানযোগে নিউ গুৱাহাটীস্থিত স্ব-গৃহলৈ অহাৰ পথত বিমানবন্দৰত তেওঁৰ স্ক্ৰীনিং কৰাৰ পিছত হ’ম কুৱাৰেন্টাইনত থাকিবলৈ নিৰ্দেশ দিছিল। ছাত্ৰগৰাকী বুধবাৰে হঠাৎ অসুস্থ হৈ পৰে। পূৰ্বৰে পৰা শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰজনে জ্বৰ, বুকু আৰু পিঠিৰ বিষৰ লগতে উশাহ লোৱাৰ ক্ষেত্ৰতো কষ্ট পাই আছিল।

ছাত্ৰজনক চিকিৎসকে পৰীক্ষা কৰি কোৰোনা ভাইৰাছৰ উপস্থিতিৰ লক্ষণ নেদেখি ঘৰলৈ আহিবলৈ দিয়ে যদিও তেওঁক হ’ম কুৱাৰেন্টাইনত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। উল্লেখ্য যে, যুৱকজনক হঠাৎ অসুস্থ হৈ পৰাৰ পিছতে বৃদ্ধ পিতৃ-মাতৃৰ লগতে চুবুৰীয়া লোকসকল চিন্তিত হৈ পৰিছিল। তেওঁক লৈ চিকিৎসকে চিন্তাৰ কাৰণ নাই বুলি কোৱাৰ পিছতে পৰিয়ালটোৰ মুখলৈ হাঁহি ঘূৰি আহিছে।
Previous Post Next Post