পেহেলগাম ঘটনাৰ অভিযুক্ত আদিল গুৰী আৰু আচিফ শেখৰ ঘৰ উৰুৱালে ভাৰতীয় সৈন্যই

Assamese

পেহেলগাম ঘটনাৰ অভিযুক্ত আদিল গুৰী আৰু আচিফ শেখৰ ঘৰ উৰুৱালে ভাৰতীয় সৈন্যই

পেহেলগাম আক্ৰমণৰ পিছত ভাৰতীয় সেনাই তালাচী অভিযান তীব্ৰতৰ কৰি তুলিছে। জম্মু-কাশ্মীৰ আৰক্ষীৰ সহযোগত এন আই এও এই আক্ৰমণৰ তদন্ত আৰম্ভ কৰিছে।

সেই তদন্তৰ পাছতেই পেহেলগাম আক্ৰমণৰ অভিযুক্ত আছিফ শ্বেখ আৰু আদিল গুৰী ঘৰলৈ গৈ তালাচী চলাই আৰু পাছত দুয়োৰে ঘৰ বিস্ফোৰণত উৰুৱাই দিয়ে। আৰক্ষীয়ে জনোৱা মতে, সেই ঘৰত সন্দেহজনক সামগ্ৰী পোৱা গৈছিল।


ভাৰতীয় সেনাৰ অভিযান এতিয়াও অব্যাহত আছে। দুয়ো অভিযুক্তৰ ঘৰ উৰুৱাই দিয়া সন্দৰ্ভত সেনাই জানিব দিয়া অনুসৰি আদিল আৰু আছিফৰ ঘৰলৈ গৈ তালাচী অভিযান চলাইছিল। এই সময়ছোৱাত সন্দেহজনক বস্তু দেখাৰ পিছত বিপদৰ অনুভূতি অনুভৱ কৰি, নিৰাপত্তা বাহিনীৰ জোৱান তৎক্ষণাত পিছুৱাই যায় আৰু তাৰ পিছতে এক বৃহৎ বিস্ফোৰণ সংঘটিত হয়।

এই বিস্ফোৰণৰ ফলত ঘৰটোৰ বেয়াকৈ ক্ষতিসাধন হয়। আৰক্ষীয়ে জনোৱা মতে, ঘৰটোত বিস্ফোৰক সামগ্ৰী আছিল। এই কাৰণেই এই বিস্ফোৰণ সংঘটিত হয়।

English:

Indian troops have blown up the houses of Adil Guri and Asif Sheikh, accused in the Pehelgam incident

The Indian Army has stepped up search operations in the aftermath of the Pehelgam attack. The NIA, in collaboration with the Jammu and Kashmir police, has also launched an investigation into the attack.

After the investigation, the Pehelgam attack accused Asif Sheikh and Adil Guri went to their homes and searched them and later blew up their houses. Police say suspicious items were found in that home.

The Indian Army is still continuing its operation. The army said it had searched the houses of Adil and Asif. During this period, sensing a sense of danger after seeing suspicious objects, security personnel immediately retreated followed by a massive explosion.

The blast severely damaged the house. Police said there were explosives in the house. This is why this explosion occurred.
Next Post Previous Post